Moon

চন্দ্ৰযান-৩ ৰ ৰ'ভাৰ প্ৰজ্ঞান আৰু লেণ্ডাৰ বিক্ৰম ইতিমধ্যেই অভিযান সামৰি চন্দ্ৰৰ বুকুত শুই পৰিছে। অভিযানৰ জৰিয়তে প্ৰজ্ঞানে যি তথ্য প্ৰেৰণ কৰিলে সেয়াই যথেষ্ট বুলি ইছৰোৱে প্ৰকাশ কৰিছে।

ইয়াৰ মাজতে চীনে দাবী কৰিছে ভাৰতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা নাই। এয়া শুদ্ধ নহয়, চীনৰ এগৰাকী শীৰ্ষ বিজ্ঞানীৰ দাবী ভাৰতৰ চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ যি স্থানত অৱতৰণ কৰিছিল সেই স্থানক দক্ষিণ মেৰু বুলিব নোৱাৰি। কেৱল সেয়াই নহয়, তেওঁৰ মতে চন্দ্ৰযান-৩ মেৰু অঞ্চলতো অৱতৰণ কৰা নাই। চীনৰ শীৰ্ষ বিজ্ঞানী ওৱাং জিয়ানে নামৰ বিজ্ঞানীজনে এই দাবী কৰিছে।