'জোনবাই চাই'টো ৰ' লাগি চাওতেই হঠাতে ২৫ মহলাৰ পৰা সৰি তলত পৰিল দুই যমজ ভাতৃ

accident

এটি অতি কৰুণ ঘটনা। নিশা জোন নিৰীক্ষণ কৰি থাকোঁতে ২৫ মহলীয়া অট্টালিকাৰ পৰা সৰি পৰি মৃত্যুমুখত পৰে দুই যমজ ভাতৃ।

ঘটনাটো উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ। গাজিয়াবাদৰ সিদ্ধাৰ্থ বিহাৰৰ প্ৰতীক গ্ৰেণ্ড ছ'চাইটীত এই দুৰ্ঘটনা সংঘটিত হয়। 

যমজ ভাতৃদ্বয় আছিল ডিপিএছ সিদ্ধাৰ্থ বিহাৰত নৱম শ্ৰেণীত অধ্যয়নৰত সত্য নাৰায়ণ আৰু সূৰ্য নাৰায়ণ।

ঘটনাৰ সময়ত পিতৃ টি এছ পালানি মাদুৰায় উপস্থিত নাছিল। আছিল পত্নী ৰাধা আৰু জীয়ৰী গায়ত্ৰীৰ লগতে দুই ১৪ বছৰীয়া যমজ পুত্ৰ।

দুয়ো ভাতৃয়ে নিশা প্ৰায় ১১.৩০ বজালৈ গেম খেলি আছিল যদিও স্বামীয়ে নিশা পলমকৈ এটা ফোন কৰাৰ পিছত ৰাধাই দুই পুত্ৰই জোন চাবলৈ যোৱাৰ বিষয়ে অৱগত হয়।

কিন্তু ১ বজাত দুয়োকে কোঠাত নোপোৱাত বিচাৰ-খোঁচাৰ কৰি দেখে অট্টালিকাৰ তলত পৰি আছে দুয়োৰে নিঠৰ দেহ।

ঘটনাক লৈ তদন্তত নমা আৰক্ষীক পৰিয়ালটোৱে জনোৱা মতে দুই যমজ ভাতৃয়ে পূৰ্বেও বাৰাণ্ডাত ঘন্টাৰ পিছত ঘণ্টা ধৰি জোন চাইছিল। দুয়োৱে চন্দ্ৰ চাবলৈ ভাল পাইছিল।

আৰক্ষীয়ে বাৰাণ্ডাত এখন চকী আৰু প্লাষ্টিকৰ টুল প্ৰত্যক্ষ কৰে। এইটো আশংকা কৰা হৈছে যে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত দুয়োজন ভাতৃয়ে টুলত উঠিছিল।

আৰক্ষীয়ে দুয়োজন যমজ ভাতৃয়ে ২৫ নম্বৰ মহলাৰ পৰা জঁপিয়াইছিল নে দুৰ্ঘটনাত পতিত হৈছিল সেই সন্দৰ্ভত পৰৱৰ্তী তদন্ত কৰি আছে। 

Category
Profile picture for user UB Photos