Rajkanya Baruah

ৰাজকন্যা বৰুৱাক মনত আছেনে? ২০২১ চনৰ ১ অক্টোবৰৰ নিশা ১.৪৫ বজাত নিশাৰ মহানগৰত এখন বিলাসী বাহনেৰে এজন শ্ৰমিকক খুন্দিয়াই নিহত কৰিছিল মডেল ৰাজকন্যা বৰুৱাই। শ্ৰমিক যোছেফ মাৰাকক খুন্দিয়াই গ্ৰেপ্তাৰ হৈছিল যুৱতীগৰাকী।

পৰৱৰ্তী সময়ত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা ৰাজকন্যা বৰুৱাই অৱশেষত পালে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ৰাজকন্যাৰ জামিন। ৫০ হাজাৰ টকা আমানত ধনৰ বিনিময়ত এই জামিন পালে ৰাজকন্যাই।