Election 2021

সমাগত উপ নিৰ্বাচন। পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ সকলো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত নামি পৰিছে। কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাব গৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আয়োগৰ পৰা পালে কাৰণ দৰ্শোৱা জাননী (Show Cause Notice)।

বিজেপি তথা মিত্ৰজোট ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে নানান বিকাশ আৰু আঁচনি আদিৰ ঘোষণা কৰে ভোটদাতা সকলক। যাৰ বাবে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তোলে কংগ্ৰেছৰ ফালৰ পৰা। আৰু প্ৰমাণ হিচাপে ভিডিঅ আৰু বাতৰিৰ কিয়দংশ দাঙি ধৰে।