উপ-নিৰ্বাচনৰ বাবে ঘোষণা হ’ল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম, কোন সমষ্টিত কোন প্ৰাৰ্থী?

Indian National Congress

৩০ অক্টোবৰত অনুষ্ঠিত হ’ব বিধান সভাৰ উপ-নিৰ্বাচন। উপ-নিৰ্বাচনৰ বাবে মাৰ বান্ধি সাজু ৰাজনৈতিক দলসমূহ।

উপ-নিৰ্বাচনৰ বাবে বিজেপি, ৰাইজৰ দলে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ পিছতে মঙলবাৰে তিনি সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে কংগ্ৰেছে।

Congress list

তালিকা অনুসৰি গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব জুয়েল টুডু। তামুলপুৰত বিপিএফৰ প্ৰাৰ্থীৰ বিপক্ষে ভাস্কৰ দাহালে প্ৰতিদ্বন্দিতা আগবঢ়াব। অন্যহাতে, থাওৰা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব মনোৰঞ্জন কোঁৱৰ।

Category
Profile picture for user UB Photos