Fire brigade

চিৰাঙৰ চাপাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড।

ভয়ংকৰ অগ্নিকাণ্ডত জাহ গল ১৩ খনকৈ বাহন। দিদি মটৰ্ছ নামৰ পুৰণি গাড়ী বিক্ৰী কৰা শ্ব’ৰুম এটাত হঠাতে সংঘটিত হোৱা অগ্নিকাণ্ডত নিমিষতে শাৰী শাৰী কৰি ৰখা বাহনসমুহ জ্বলি শেষ হৈ যায় ৷

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ তৎপৰতাৰে জুই নিৰ্বাপন কৰে ৷

ইফালে ব্যৱসায়িক এলেকাত সংঘটিত অগ্নিকাণ্ডত ব্যৱসায়ী সকলৰ মাজত যথেষ্ট হুৱাদুৱা লাগে ৷ অৱশ্য়ে অগ্নিকাণ্ডৰ কাৰন এতিয়ালৈ জানিব পৰা হোৱা নাই।