চলন্ত অৱস্থাত জ্বলি উঠিল পালছাৰ বাইক

Bike burn

লংকাৰ ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাইকত জুইৰ সূত্ৰপাত।

নাৰায়ণ দাস নামৰ যুৱকজনৰ পালছাৰ বাইকত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। ঘৰৰ পৰা ওলাই অহাৰ সময়ত যোৰাপুখুৰী অঞ্চলৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত আকস্মিকভাৱে পালছাৰ বাইকত জুইৰ সূত্ৰপাত ঘটাত সম্পূৰ্ণভাৱে ভস্মীভূত হয় বাইকখন।

অৱশ্যে সৌভাগ্যক্ৰমে ৰক্ষা পৰিছে বাইক আৰোহী নাৰায়ণ দাস। পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰে যদিও বাইকখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

Category
Profile picture for user UB Photos