Captain

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে এই বছৰ ডুবাইত অনুষ্ঠিত হ'বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ পিছত টি-২০ৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত অৱগত কৰি কোহলীয়ে টুইটাৰযোগে লিখে, "মই কেৱল ভাৰতক প্ৰতিনিধিত্ব কৰাই নহয়, ভাৰতীয় ক্ৰিকেট দলক মোৰ সৰ্বাধিক সামৰ্থ্যৰ দিশে আগুৱাই নিয়াৰ বাবেও যথেষ্ট সৌভাগ্যৱান। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক হিচাপে মোৰ যাত্ৰাত মোক সমৰ্থন কৰা সকলোকে মই ধন্যবাদ জনাইছো। মই তেওঁলোকৰ অবিহনে এইটো কৰিব নোৱাৰিলোহেঁতেন – ল'ৰাবোৰ, সহায়ক কৰ্মচাৰী; বাছনি সমিতি, মোৰ প্ৰশিক্ষক আৰু প্ৰতিজন ভাৰতীয় যিয়ে আমাক জিকাৰ বাবে প্ৰাৰ্থনা কৰিছিল।"