Lucknow

লক্ষ্ণৌৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড। সোমবাৰে ৰাতিপুৱা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হজৰতগঞ্জত অৱস্থিত লেভানা হোটেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ।

অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ধোৱাৰ বাবে হোটেলখনৰ কেইবাটাও কোঠাত বহুতো লোক আৱদ্ধ হৈ পৰে। উশাহ-নিশাহত কষ্ট পোৱাৰ ফলত অচেতন হৈ পৰে কেইবাজনো লোক।

তথ্য অনুসৰি, ঘটনাটোত মৃত্যু হয় ৪ জন লোকৰ। আনহাতে গুৰুত্বৰভাৱে আহত হয় ১১ জনকৈ লোক। কেইবাখনো অগ্নিনিৰ্বাপক গাড়ীৰ লগতে এম্বুলে়ঞ্চ উপস্থিত হয় ঘটনাস্থলীত। জৰুৰীকালীন সাহায্যৰ দলে হোটেলৰ খিৰিকী ভাঙি উদ্ধাৰ কৰে আবদ্ধ লোকসকলক। বৰ্তমানেও চলি আছে উদ্ধাৰ কাৰ্যসূচী।