NEET

দেশজুৰি প্ৰতিবাদত বহিল কনিষ্ঠ চিকিৎসক। বৃহস্পতিবাৰে নিশা The Federation of Resident Doctors’ Association (FORDA)ই আহ্বান জনায় প্ৰতিবাদৰ। এই আহ্বানৰ সঁহাৰি জনাই শনিবাৰে দেশৰ ভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰে কনিষ্ঠ চিকিৎসকসকলে।

NEET পৰীক্ষাৰ কাউন্সেলিং প্ৰক্ৰিয়া বিলম্ব কৰাৰ বাবেই এই প্ৰতিবাদত বহে চিকিৎসকসকল।

চিকিৎসকৰ এই প্ৰতিবাদৰ অসমতো পৰিছে ব্যাপক প্ৰভাৱ। GMCHৰ অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কনিষ্ঠ চিকিৎসকৰ। ডিব্ৰুগড়ৰ AMCHতো প্ৰতিবাদ সাব্যস্ত কৰে চিকিৎসকসকলে। এই প্ৰতিবাদৰ বাবেই সাময়িকভাৱে স্থগিত ৰখা হয় বহিঃবিভাগৰ কাম-কাজ।