Majuli Ferry

নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পাছতে আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কাম-কাজ সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয়। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক লগত লৈ দেওবাৰে পৰ্যবেক্ষণ বৈঠকত বহিল মুখ্যমন্ত্ৰীগৰাকী।

এই বৈঠকৰ পাছতে নিমাতীঘাট-মাজুলীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তত চলি থকা ফেৰী সমূহৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰে –

ফেৰীত উঠাৰ পূৰ্বে সকলো যাত্ৰীয়ে লাইফ জেকেট পিন্ধিব লাগিব।