Cyber Security

অসম আৰক্ষীয়ে মুকলি কৰিছে চাইবাৰ চক্ৰৰ ৩৯টাকৈ বিশেষ নম্বৰ ৷ এই নম্বৰকেইটাৰ পৰা জনতাক সাৱধান হোৱাৰ আহ্বান আৰক্ষীৰ, এই নম্বৰ কেইটাই লুটিব পাৰে আপোনাৰ একাউন্টৰ ধন! ইতিমধ্যে ৰাজ্যৰ বহু লোক টাৰ্গেট হৈছে এই নম্বৰ কেইটাৰ ৷

বহিঃৰাজ্যত বহি এই নম্বৰ কেইটাই লুটিছে অসমৰ লোকৰ একাউন্টৰ ধন ৷ এই নম্বৰৰ ফোন আহিলে ৰিচিভ নকৰিবলৈ জনতাক আহ্বান অসম আৰক্ষীৰ৷ আনকি দুটা বেংক একাউন্ট নম্বৰো প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে ৷ GooglePe, PhonePe, PayTMকে ধৰি বিভিন্ন UPI ID সংলগ্ন হৈ আছে একাউন্ট দুটাত ৷

সেই একাউন্টৰ লগত ভূলতো ট্ৰেনজেকচ্যন নকৰিবলৈ আহ্বান আৰক্ষীৰ ৷