Online Learner Licence

ড্ৰাইভিং লাইচেন্স উলিয়ালেনে? যদি উলিওৱা নাই তেন্তে চিন্তা নকৰিব। কিয়নো এতিয়া সহজ হ’ল ড্ৰাইভিং লাইচেন্স উলিওৱা কাম। ঘৰতে বহি বহি উলিয়াব পাৰিব লাইচেন্স।

DTO অফিচলৈ নোযোৱাকৈ ঘৰতে বহি কম্পিউটাৰ অথবা মোবাইলত অনলাইনযোগে শিকাৰু অনুজ্ঞাপত্ৰ (Learner Licence)ৰ পৰীক্ষা দিব পাৰিব আপুনি। পৰীক্ষা দিয়াৰ পিছত অনলাইন মাধ্যমেৰেই লাভ কৰিব অনুজ্ঞাপত্ৰ।

খানাপাৰাৰ ষ্টাফ কলেজত এক বিশেষ অনুষ্ঠানযোগে Online Learner Licenceৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্রমোহন পটোৱাৰী।