অহা অক্টোবৰ মাহৰ পৰা পুনৰ আৰম্ভ হ’ব যোৰহাট-দিল্লীৰ মাজত পোনপটীয়া বিমান সেৱা৷ যোৰহাটলৈ দিল্লীৰ পৰা সম্প্ৰতি কোনো পোনপটীয়া বিমান সেৱা নথকাৰ বিষয়টোক লৈ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে যোৱা ১ জুলাই তাৰিখে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী ৰাম মোহন নাইডুক সাক্ষাৎ কৰিছিল।
