যুদ্ধবাজ ৰাছিয়াৰ প্ৰেচিডেণ্ট ভ্লাডিমিৰ পুটিনৰ উত্তৰ কোৰিয়া ভ্ৰমণক লৈ বিশ্বজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা। মঙলবাৰে নিশা ৰাজধানী পিয়াংয়াঙৰ বিমানবন্দৰত ভ্লাডিমিৰ পুটিনক ৰাজকীয় আদৰণি জনাই দেশখনৰ একচত্ৰী শাসক কিম জং উনে।
ৰাছিয়া-ইউক্ৰেইনৰ মাজত অব্যাহত থকা ভয়াৱহ যুদ্ধৰ মাজতে পুটিনৰ উত্তৰ কোৰিয়া ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। এই দুই যুদ্ধবাজ নেতাৰ মিতিৰালিক লৈ শংকিত হৈ পৰিছে বিশ্ব সম্প্ৰদায়!