অসম আৰু অসমীয়াৰ বাবে সুখবৰ! আৰুণি কাশ্যপলৈ ৰেডক্লিফ ফেল’শ্বিপ, এই সন্মান লাভ কৰা প্ৰথমজন অসমীয়া.....
অসম আৰু অসমবাসীৰ গৌৰৱ আৰু সুখবৰ! এগৰাকী অসমীয়া আৰুণি কাশ্যপলৈ আগবঢ়োৱা হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ। এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰিছে আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে৷ এই সন্মান লাভ কৰা প্ৰথম জন অসমীয়া হৈছে আৰুণি কাশ্যপ। অসমীয়া ভাষাৰ অগ্ৰণী লেখক আৰুণি কাশ্যপ। কাশ্যপ পেচাত এগৰাকী অধ্যাপক।
উল্লেখ্য যে, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইষ্টিটিউট অফ এডভান্সড ষ্টাডিয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় ৫০ জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে। এই সন্মান লাভ কৰা আৰুণি কাশ্যপ অসমৰ প্ৰথমজন সাহিত্যিক।