অসম আৰু অসমবাসীৰ গৌৰৱ আৰু সুখবৰ! এগৰাকী অসমীয়া আৰুণি কাশ্যপলৈ আগবঢ়োৱা হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ফেল’শ্বিপ। এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰি কৰিছে আমেৰিকাৰ হার্ভার্ড বিশ্ববিদ্যালয়ে৷ এই সন্মান লাভ কৰা প্ৰথম জন অসমীয়া হৈছে আৰুণি কাশ্যপ। অসমীয়া ভাষাৰ অগ্ৰণী লেখক আৰুণি কাশ্যপ। কাশ্যপ পেচাত এগৰাকী অধ্যাপক।
উল্লেখ্য যে, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইষ্টিটিউট অফ এডভান্সড ষ্টাডিয়ে প্ৰত্যেক বছৰে পৃথিৱীৰ প্ৰায় ৫০ জন নিজৰ ক্ষেত্ৰখনৰ আগৰণুৱা ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছে। এই সন্মান লাভ কৰা আৰুণি কাশ্যপ অসমৰ প্ৰথমজন সাহিত্যিক।
পেছাত অধ্যাপক, কবি, লেখক আৰু অনুবাদক আৰুণি কাশ্যপৰ জন্ম ১৯৮৪ চনত শিলচৰত৷ বৰ্তমান তেওঁ যুক্তৰাষ্ট্ৰৰ ইউনিভাৰচিটি অফ জিঅ’ৰ্জিয়াৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং কাৰ্যক্ৰমৰ সঞ্চালক হিচাবে কৰ্মৰত হৈ আছে৷
অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা আৰুণি কাশ্যপে পেংগুইন প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত 'দ্য হাওচ ৱিথ এ থাউজেণ্ড ষ্টৰিজ' শীৰ্ষক উপন্যাসৰ জৰিয়তে ২০১৩ চনত ইংৰাজী সাহিত্য জগতত আত্মপ্ৰকাশ কৰিছিল।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কাকত-আলোচনীতো তেওঁৰ বিভিন্ন বিষয়ৰ প্ৰৱন্ধ-গল্প প্ৰকাশ হৈ আহিছে৷ কেইবাখনো অসমীয়া আৰু ইংৰাজী গ্ৰন্থৰ লেখক আৰুণি কাশ্যপে ইতিমধ্যে কেইবাটাও সন্মানীয় বঁটাৰ বাবে মনোনীত হোৱাৰ লগতে লাভ কৰিছে।
- Log in to post comments