ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য। ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে। ঢেকীয়া আৰু কণী ভাজিৰ সুস্বাদৰ বাহিৰেও, ঢেকীয়া ঔ-টেঙা আৰু মাছৰ জুটি সচাঁকৈয়ে লেখত ল'ব লগীয়া।
ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।
আজি জানো আহক, ঢেকীয়াৰ কিছু উপকাৰিতাৰ বিষয়ে -