
তিনিচুকীয়া জিলাৰ কাকপথাৰত পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা ৷ বনকৰা কিশোৰীক গৰম পানী ঢালি অত্যাচাৰ এগৰাকী ছাত্ৰ নেতাৰ।

উল্লেখ্য যে, চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক মনেশ্বৰ চাওৰাই ঘৰত বনকৰা বাৰ বছৰীয়া কিশোৰীক অত্যাচাৰ চলায়। সোমাবাৰে পুৱাৰ ভাগত কাকপথাৰৰ বাসগৃহত গৰম পানী ঢালি অত্যাচাৰ কৰাৰ অভিযোগ তুলিছে কিশোৰী গৰাকীয়ে ৷

আনহাতে, কিশোৰী গৰাকীয়ে অভিযোগ কৰা মতে মনেশ্বৰ চাওৰাৰ পত্নী গৰাকীয়েও কিশোৰী গৰাকীৰ ওপৰত শাৰীৰিক অত্যাচাৰ চলাই ৷ মনেশ্বৰ চাওৰাৰ পত্নী পেচাত এগৰাকী শিক্ষয়িত্ৰী ৷
অত্যাচাৰ চলোৱা কিশোৰী গৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ মৰাণৰ পথালিবামত বুলি জানিব পৰা গৈছে ৷ এগৰাকী ছাত্ৰ সংগঠনৰ নেতাই এনে অমানৱীয় ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ লগতে ছাত্ৰ নেতাজনক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ভুক্তভুগী পৰিয়াল তথা স্থানীয় ৰাইজে।
- Log in to post comments