আত্মহত্যা নে আন কিবা! চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী ১১ বছৰীয়া শিশু......

Suicide girl

বৰ্তমান চাৰিওফালে কেৱল হিংসা, হত্যা। অপৰাধজনিত ঘটনাই জৰ্জৰিত কৰি পেলাই সমগ্ৰ দেশবাসীক। শিশুৰ পৰা আদি কৰি বৃদ্ধ লৈকে কোনো সাৰি যোৱা নাই এই অপৰাধৰ পৰা।

এখন অসমতে পুনৰবাৰ সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। আচলতে এয়া আত্মহত্যা নে হত্যা! জুৰীয়াৰ কদমনি পথাৰত চিপলৈ থকা অৱস্থাত উদ্ধাৰ ১১ বছৰীয়া কণ্যা শিশুৰ মৃতদেহ। 

Suicide girl

 

উল্লেখ্য যে, নিজ ঘৰতে চিপ লৈ ওলমি আছিল শিশুগৰাকী। মৃত শিশুজনী কদমনি পথাৰ গাঁৱৰ আব্দুল মান্নানৰ কণ্যা মনোৱাৰা বেগম বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, কাজিয়াৰ প্ৰতিশোধ লৈছে এক দুষ্ট চক্ৰই। ঘৰত কোনো নথকাৰ সুযোগতে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা বুলি অভিযোগ তুলিছে পৰিয়ালৰ লোকে।

ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। এয়া হত্যা নে আত্মহত্যা সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব। 

Category
Profile picture for user UB Photos