নৃসংশ হত্যা! সুৰাত মত্ত মোমায়েকে প্ৰাণ কাঢ়িলে ৭ বছৰীয়া ভাগিনীয়েকৰ.....

Murder

এইবাৰ মোমায়েকৰ হাততে প্ৰাণ গ’ল ভাগিনৰ। মোমায়েকে ত্ৰিশূলেৰে হানি-খুচি হত্যা কৰিলে নিজৰ ভাগিনীয়েকক। এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত পদুমপথাৰ মইলাপুং গাঁৱত। বুধবাৰে নিশা প্ৰায় ১১ মান বজাত সংঘটিত হয় এই হত্যাকাণ্ড।

murder case

অভিযোগ অনুসৰি, পাষণ্ড হত্যাকাৰী মোমায়েক কৃষ্ণ বৰাইকে সুৰাৰ ৰাগীত মাতাল হৈ চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰিলে নিজৰেই ভাগিনক। বুধবাৰে নিশা কৃষ্ণ বৰাইকে সুৰাৰ ৰাগীত মাতাল হৈ মাতৃ-ভগ্নীক মাৰিবলৈ ত্ৰিশূল লৈ খেদি ফুৰিছিল। কৃষ্ণ বৰাইকে মাতৃ-ভগ্নীক খেদাত তেওঁলোকে ঘৰ এৰি পলায়ন কৰে যদিও ঘৰত শুই থকা ৭ বছৰীয়া শিশুটিক কৃষ্ণ বৰাইকে হানি-খুচি হত্যা কৰে বুলি জানিব পৰা গৈছে। ৭ বছৰীয়া শিশুক হত্যা কৰি পলায়ন কৰে অভিযুক্ত হত্যাকাৰী কৃষ্ণ বৰাইক।

murder case

উল্লেখ্য যে, স্থানীয় গাওঁ-প্ৰধানৰ তৎপৰতাত ঘটনা সম্পৰ্কে আৰক্ষী অৱগত হয় আৰু তিনিচুকীয়াৰ পৰা ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষীৰ লগতে স্থানীয় ফিল’বাৰী আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

পলাতক হত্যাকাৰী কৃষ্ণ বৰাইকক অতি সোনকালে আটক কৰি স্থানীয় ৰাইজে উচিত শাস্তি দিবলৈ দাবী জনাইছে।

Category
Profile picture for user UB Photos