হায় ৰে মানৱতা! বহিঃৰাজ্যত পুনৰ ধৰ্ষণৰ বলি এগৰাকী অসমীয়া যুৱতী.....

Rape Case

এই ঘটনাটো সংঘটিত হৈছে দিল্লীৰ গুৰুগ্ৰামত। কোনো অসাধু চক্ৰই কাম দিয়াৰ প্ৰলোভনেৰে দিল্লীৰ গুৰুগ্ৰামলৈ সৰবৰাহ কৰিছিল যুৱতী গৰাকীক, তাৰ পিছতে দেওবাৰৰ দিনটোত কামনাৰ বলি হয় যুৱতীগৰাকী।

উল্লেখ্য যে, কেৱল মাত্ৰ ৩০০০টকাৰ বাবে এজন যুৱকৰ হাতত যুৱতীগৰাকীক গতাই দিছিল দালাল চক্ৰই। এই দালাল চক্ৰটোত আছে অসমৰ পূজা আৰু মামনি নামৰ দুগৰাকী মহিলা। 

rape

জানিব পৰা মতে, সোমবাৰে নিশা বলপূৰ্বকভাৱে যুৱতীগৰাকীক কেৱল ৩০০০ টকাৰ বিনিময়ত নিশা কটাবলৈ এজন যুৱকৰ সৈতে হোটেললৈ পঠাইছিল। এই ঘটনাৰ পাছতে যুৱতীগৰাকীয়ে ধৰ্ষণ কৰাৰ অভিযোগ উথ্থাপন কৰিছে। 

আনহাতে,যুৱতীগৰাকীয়ে গোপনে হোটেলৰ পৰা পলাই আহি গুৰুগ্ৰাম আৰক্ষীৰ দ্বাৰস্থ হয় আৰু সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। যুৱতীগৰাকীৰ ভাষ্য অনুসৰি, বহু যুৱতীক এনেদৰেই দেহ ব্যৱসায়ত লিপ্ত কৰাইছে এই অসাধু চক্ৰটোৱে।

লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos