শোকাৱহ! এন্ট্ৰেন্স পৰীক্ষা দিবলৈ নি ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই......

Lakhimpur

লখিমপুৰৰ বাইপাচত বুধবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এগৰাকী অৰুণাচলী যুৱতীৰ থিতাতে মৃত্যু হোৱাৰ লগতে চিকিৎসালয়ত মৃত্যু হয় পিতৃৰো। লখিমপুৰৰ নিৰ্মীয়মান ISBT ৰ সমীপতে বাইপাছত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।

lakhimpur

উল্লেখ্য যে, একেদিনাই একেটা পথ দুৰ্ঘটনাতে প্ৰাণ হেৰুৱালে পিতৃ আৰু কন্যাই । ইন’ভা বাহন আৰু আৰ্টিগা বাহনৰ মাজত হোৱা মুখামুখি খুন্দাৰ ফলত কৰুণ মৃত্যুক সাৱটিলে দুয়োগৰাকীয়ে। লগতে আহত হয় আন ৬ গৰাকীকৈ লোক । 

এই শোকাৱহ দুৰ্ঘটনাটোত অৰুণাচলৰ টিৰাপ জিলাৰ ৰংকাপ আৰাং আৰু কন্যা জাষ্টান আৰাং ৰ মৃত্যু হৈছে। নিহত জাষ্টান আৰাং দ্বাদশ শ্ৰেণীৰ ছাত্ৰী আছিল। কন্যাক এন্ট্ৰেন্স পৰীক্ষা দিয়াবলৈ ইটানগৰ লৈ গৈছিল পিতৃয়ে। আৰু যোৱাৰ পথতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

ইফালে দুৰ্ঘটনাটোত আহত হোৱা আন ছজনকৈ লোকক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । 

lakhimpur

উল্লেখ্য যে, দুয়োখন গাড়ীৰ মুখামুখি সংঘর্ষত ইন’ভাখন পথৰ ওপৰতে লুটি খাই পৰে। আনখন গাড়ীয়ে পথৰ দাঁতিৰ দেৱালত খুন্দিয়াই চূৰমাৰ হৈ পৰে।  ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

অৰুণাচলী পিতৃ-কন্যাৰ মৃত্যুৰ খবৰে এতিয়া সমগ্ৰ অৰুণাচলতে শোঁকৰ ছা পেলাইছে।

Category
Profile picture for user UB Photos