মহানগৰীৰ নাৰেংগীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ৰাস্তা নহয় যেন ৰণস্থলী হে ।
উল্লেখ্য যে, বাইকেৰে গৈ থকা অৱস্থাত এহাল প্ৰেমিক-প্ৰেমিকা মাজত হঠাৎ কাজিয়াৰ সূত্ৰপাত হয় আৰু শেষত সেই কাজিয়াই চৰম ৰূপ লয় ।
ৰাস্তাৰ মাজতে প্ৰেমিকে হেলামেটেৰে কোবাই কোবাই মূৰ ফটাই দিলে প্ৰেমিকাৰ। তাৰ পাছতে ঘটনাস্থলীত অচেতন হৈ বাগৰি পৰে যুৱতীগৰাকী। ততাতয়াকৈ স্থানীয় ৰাইজে যুৱতী গৰাকীক চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নাৰ্ছিং হোমত।
তাৰ পাছত স্থানীয় ৰাইজে ঘটনাটো দেখি লগে লগে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ প্ৰেমিক যুৱকজনক আটক কৰে।
ইফালে, আটকাধীন যুৱকজনক আৰক্ষীয়ে "কিয় মাৰিলে বুলি প্ৰশ্ন সোধাত তেওঁ মাৰা নাই কয়"। লগতে তেওঁ কয় যে, "তাই নিজে বাইকৰ পৰা বাগৰি পৰিছে"।
উল্লেখ্য যে, এতিয়া আৰক্ষীৰ তদন্ততহে কোন সঁচা, কোন মিছা পোহৰলৈ আহিব? আচলতে হৈছিল নো কি?
- Log in to post comments