একেটা কোঠালিতে ওলাল দুটাকৈ মৃতদেহ! এয়া আত্মহত্যা নে হত্যা.....

Ghy

গুৱাহাটীৰ হেঙেৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা পৰিত্যক্ত ঘৰত উদ্ধাৰ দুজনকৈ যুৱকৰ মৃতদেহ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত সংঘটিত হৈছে এই ঘটনা। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে CIDৰ দলো উপস্থিত হয়।

ghy

ইফালে ঘটনাস্থলীৰ পৰা দুটাকৈ হেলমেটো উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা যুৱক দুজনৰ ভিতৰত এজনৰ পৰিচয় জানিব পৰা গৈছে। ইয়াৰে এজন যুৱকৰ নাম সুৰজিত সিনহাবুলি জানিবলৈ পোৱা গৈছে। এই যুৱকজন গনেশগুৰিৰ এটা জীমৰ ট্ৰেইনাৰ হয়।

ghy

স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে যে যুৱক দুজন ড্ৰাগছ আসক্ত আছিল। অত্যাধিক ড্ৰাগছ লৈ মৃত্য়ু হোৱা বুলি সন্দেহ।

পিছে ইমান নিশা এই যুৱক দুজনে সেই পৰিত্যক্ত ঘৰটোত কি কৰি আছিল, তাকে লৈ সৃষ্টি হৈছে ভিন্ন প্ৰশ্নৰ। এতিয়া এই প্ৰশ্নও উত্থাপন হৈছে যে যুৱক দুজনক কোনো লোকে হত্যা কৰি পেলাই থৈ গৈছিল নেকি? নে অইন কিবা কাৰণত মৃত্যু হৈছে সেইটো এটা ডাঙৰ প্ৰশ্ন।

Category