গুৱাহাটীৰ পৰা নলবাৰীলৈ নিয়া হ’ল প্ৰাক্তন OC বিমান ৰয়ক;ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ......

biman roy

অসম আৰক্ষীৰ ভাৱমূৰ্তি ম্লান কৰা পলাতক OC বিমান ৰয়ক গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল RPF-এ ।  উল্লেখ্য যে, গুৱাহাটী ৰেলৱে ষ্টেচনত মুমূৰ্ষু অৱস্থাত পৰি থকা অৱস্থাতে গ্ৰেপ্তাৰ OC গৰাকীক কৰা হৈছি । তাৰ পিছতে, গুৱাহাটীত আটকাধীন OC গৰাকীক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী মেডিকেল কলেজ হাস্পতালত।

biman roy

উল্লেখ্য যে, নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন OC বিমান ৰয়ক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ পৰা নিশা নলবাৰীলৈ নিয়া হয় বিমান ৰয়ক। নিশা নলবাৰীতে ৰখা হয় প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীক। নলবাৰী সদৰ থানাৰ পৰা নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱা হয় তেওঁৰ। তাৰ পিছত নলবাৰীৰ আৰক্ষী অধীক্ষক উপস্থিত হৈ নিশাই প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

biman roy

উল্লেখযোগ্য যে থানাৰ ভিতৰত এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো তোলাৰ গোচৰত অভিযুক্ত এইগৰাকী বিমান ৰয়। ইতিমধ্যে আৰক্ষী সঞ্চালকপ্ৰধানে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল বিমান ৰয়। বৃহস্পতিবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ হয় প্ৰাক্তন আৰক্ষী বিষয়াগৰাকী।
 

Category
Profile picture for user UB Photos