অৱশেষত গ্ৰেপ্তাৰ পলাতক OC বিমান ৰয়.....ক'ৰ পৰা কেনেকৈ গ্ৰেপ্তাৰ হ'ল OC গৰাকী?

BimanChandra Roy

অসম আৰক্ষীৰ ভাৱমূৰ্তি ম্লান কৰা পলাতক OC বিমান ৰয়ক গ্ৰেপ্তাৰ । RPF-এ গ্ৰেপ্তাৰ কৰিছে বিমান ৰয়ক । উল্লেখ্য যে, গুৱাহাটী ৰেলৱে ষ্টেচনত মুমূৰ্ষু অৱস্থাত পৰি আছিল OCগৰাকী । 

oc biman

উল্লেখ্য, নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ লকআপৰ ভিতৰতে উলংগ কৰি এগৰাকী কিশোৰীৰ ফটো লৈছিল বিমান ৰয়ে ৷ বিষয়াজনে নিজৰ মোবাইলেৰে ফটো আৰু ভিডিঅ’ কৰাৰো অভিযোগ তুলিছিল ১৭ বছৰীয়া কিশোৰী গৰাকীয়ে ৷

আনহাতে, ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীয়ে নলবাৰী সদৰ থানাত এই সমগ্ৰ বিষয়টো উল্লেখ কৰি গোচৰ ৰুজু কৰিছিল । ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা FIR অনুসৰি ২০২৩ চনৰ ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

BimanChandra Roy

নলবাৰী আৰক্ষীয়ে যুৱতীগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত ২৮৭ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪/৫০৯ এক গোচৰ ৰুজু কৰিছিল । 

উল্লেখ্য যে, গোচৰ ৰুজু হোৱা পাছৰে পৰা পলাতক হৈ আছিল OC বিষয়া গৰাকী । নিলম্বিত বিষয়া গৰাকীক কোনোবাই ক’ৰবাত দেখা পালে খবৰ দিওতাক পুৰস্কাৰ দিব বুলিও টুইটযোগ কৰিছিল DGP জি পি সিঙে।

oc biman

আৰু অৱশেষত গ্ৰেপ্তাৰ পলাতক OC বিমান ৰয় ।  গুৱাহাটী ৰেলৱে ষ্টেচনত পৰি থকা অৱস্থাত ৰেল আৰক্ষীয়ে উদ্ধাৰ কৰিছে বিমান ৰায়ক। বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰিবলৈ  লৈ গৈছে বিমান ৰয়ক।

Category
Profile picture for user UB Photos