অৱশেষত সকলো কথা নিজ মুখেৰেই স্বীকাৰ কৰিলে বন্দনা কলিতাই.....
ডাবল মাৰ্ডাৰৰ মূল খলনায়িকা বন্দনা কলিতাই নিজ মুখেৰে স্বীকাৰ কৰিলে সকলো কথাই । তাইৰ বন্ধু ক্ৰমে ধনটি ডেকা আৰু অৰূপ ডেকাৰ লগত মিলি স্বামী আৰু শাহুক হত্যাৰ কৰিছিল বন্দনা কলিতাই ।
উল্লেখ্য যে, বন্দনাৰ স্বামী আমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক দুই সংগীৰ সহযোগত নৃশংসভাবে হত্যা কৰি মৃতদেহ পেলাই দিছিল মেঘালয়ত ।
আজি বন্দনাক গুৱাহাটীৰ জেলৰ পৰা আদালতলৈ লৈ অনা হয় । তাৰ পিছতে আদালতত হত্যাৰ সকলো কথা নিজ মুখেৰে স্বীকাৰ কৰে বন্দনাই । বন্দনাৰ স্বীকাৰোক্তিৰ পাছত হেণ্ডকাফ বাদেই দিয়ক নিয়মমাফিক আৰক্ষীও তাইৰ কাষত নাই ।
- Log in to post comments