এইবাৰ ড্ৰাগছসহ ড্ৰাগছ ব্যৱসায়ীক আটক আছাম ৰাইফলছৰ!

Heroin

ৰাজ্যত কেতিয়ালৈ অন্ত পৰিব হেৰ’ইন, ড্ৰাগছৰ ৰমৰমীয়া বেহা । আছাম ৰাইফলছে হেৰ'ইনৰ সৈতে আটক কৰে এজন ব্যক্তিক ।

heroin

উল্লেখ্য যে, আগৰতলা ছেক্টৰ আছাম ৰাইফলছৰ ৰাধানগৰ বেটেলিয়নৰ নেতৃত্বত HQ IGAR (EAST)ৰ তত্বাৱধানত কাছাৰ জিলাৰ জিৰিঘাট আৰক্ষী থানাৰ সৈতে যৌথ অভিযানত হেৰ’ইনসহ এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে, এই যৌথ অভিযানত ২৭৬.১ গ্ৰাম হেৰ’ইন জব্দ, যাৰ আনুমানিক বজাৰ মূল্য প্ৰায় ১.১ কোটি টকা। ইতিমধ্যে আটক কৰা ব্যক্তিজনক অধিক তদন্তৰ বাবে জিৰিঘাট আৰক্ষীক গতাই দিয়া হয়।
 

Category
Profile picture for user UB Photos