এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ গান্ধীমণ্ডপত । প্ৰথমে যুৱতীগৰাকীৰ আপত্তিজনক ফটো চছিয়েল মিডিয়াত ভাইৰেল; তাৰ পিছত যুৱতীগৰাকীয়ে সোমবাৰৰ দিনটোত বাচি লয় জীৱনৰ চৰম সিদ্ধান্ত । মৃত যুৱতী গৰাকীৰ নাম টানিচা শৰ্মা বুলি জানিব পৰা গৈছে । মৃত্যুৰ সময়ত যুৱতীগৰাকীৰ বয়স আছিল ১৯ বছৰ।
যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, টানিচা শৰ্মাৰ আপত্তিজনক ফটো ভাইৰেল কৰিছিল তেওঁৰ বন্ধু অমিত মেধীয়ে । জানিব পৰা মতে, মৃত্য়ুৰ পূৰ্বে ছুইচাইড নোটত সমস্ত কথা লিখি থৈ গৈছে টানিচা শৰ্মাই।
ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আটক কৰিছে অভিযুক্ত যুৱক অমিত মেধিক। উল্লেখযোগ্য যে, যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰা মোবাইল ফোনত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ আপত্তিজনক বহু ফটো আৰু ভিডিঅ’। নিশা ১২বজাৰ পিছত অভিযুক্তক স্বাস্থ্য পৰীক্ষা বাবে লৈ যোৱা হয় GMCH লৈ ।
জানিব পৰা মতে, বৰ্তমান কোনো ধৰণৰ অনুসূচনা নাইঅভিযুক্ত অমিত মেধিৰ ।
- Log in to post comments