অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে এক সুখবৰ! প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম জীয়ৰীৰ......

Uma Chetry

অসমবাসীৰ বাবে এক ভাল খবৰ, প্ৰথমবাৰৰ বাবে অসম কন্যাই স্থান লাভ কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলত । ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকীৰ নাম হৈছে উমা ছেত্ৰী। বোকাখাতৰ অতি ভিতৰুৱা কান্ধুলিমাৰী গাঁৱৰ লোক বাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ কন্যা উমা । উমাৰ এই সাফল্যত এতিয়া গাঁওবাসীৰ মাজত উঠিছে আনন্দৰ জোৱাৰ।

Uma Chetry

উল্লেখ্য যে,ভাৰতীয় মহিলা ক্ৰিকেট দলৰ বাবে বিচিচিআয়ে ঘোষণা কৰিছে ক্ৰিকেটাৰ উমা ছেত্ৰীৰ নাম। উমা ছেত্ৰীৰ নাম টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে । ভাৰতীয় দলত তেওঁ প্ৰথমখন খেল বাংলাদেশত খেলিব। দেশখনত T20 আৰু এদিনীয়া ক্ৰিকেট খেল ৯ জুলাইৰ পৰা অনুষ্ঠিত হ’ব ।

আনহাতে, বোকাখাতৰ এখন অতি ভিতৰুৱা গাঁৱৰ পৰা গৈ ভাৰতীয় মহিলা ক্ৰিকেটৰ “A” দলত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা উমা ছেত্ৰীয়ে ২০১১ চনত কান্ধুলিমাৰী গাঁৱৰ পৰা ওলাই আহি হাতত ক্ৰিকেট বেট তুলি লৈছিল ।

Uma Chetry

কান্ধুলিমাৰী গাঁৱৰ লোক বাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ কন্যা উমা এগৰাকী প্ৰতিভাৱান উইকেট কীপাৰ আৰু বেটাৰ ।

শেহতীয়াকৈ হংকঙত অনুষ্ঠিত হোৱা মহিলা ইমাৰ্জিং এছিয়া কাপ (টি-২০)ত ভাৰত ‘এ’ৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে ।

Uma Chetry

উমাৰ এই সফলতাত সমগ্ৰ গাওঁবাসীৰ লগতে ৰাজ্যবাসীও উৎফুল্লিত হৈ পৰিছে ।

Category
Profile picture for user UB Photos