উখল-মাখল শক্তিপীঠ, পূজাৰীৰ মন্ত্ৰোচাৰণেৰে মুখৰিত হৈছে নীলাচলৰ বুকু। 

Jai Maa Kamakhyaa

মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত। শক্তিপীঠ কামাখ্যা ধামত উখল-মাখল পৰিৱেশ। কামাখ্যাত সমাগম হাজাৰ হাজাৰ ভক্তৰ।মা কামাখ্যাক দৰ্শন কৰিবলৈ আহিল দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত। পুৱা ৪ বজাৰ পৰা মা কামাখ্যাক দৰ্শনৰ বাবে শাৰী পাতিছে হাজাৰ হাজাৰ ভক্তই।  অম্বুবাচীৰ প্ৰবৃত্তি ঘটিব বৃহস্পতিবাৰে নিশা ২ বাজি ৩০ মিনিট ৪২ ছেকেণ্ডত। ২৬ জুনত হ'ব অম্বুবাচীৰ নিবৃত্তি। ২৬ জুনৰ পুৱা পূজাৰ পিছতেই খোলা হ'ব মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। অম্বুবাচীক লৈ সাজু মন্দিৰ পৰিচালনা সমিতি। সাজু কামৰূপ মহানগৰ আৰক্ষী-প্ৰশাসন। ভক্তৰ নিৰাপত্তাৰ বাবে বহু স্থানত CCTV সংস্থাপন। নিশা ৯ বজাৰ পৰা কামাখ্যালৈ ভক্তৰ প্ৰৱেশত বাধা। নিশা ১২ বজাৰ পিছত চাফাই কৰা হ'ব মন্দিৰ চৌহদ। 
 

Category
Profile picture for user UB Photos