অম্বুবাচী মেলাৰ বাবে মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা। কি এই নিৰ্দেশনা? চাও আহক। 

Kamakhya

উখল-মাখল কামাখ্যা ধাম। মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ  এদিন। ২২ জুনৰ পৰা মহা অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বাবে মহানগৰ প্ৰশাসনৰ নিৰ্দেশনা। কি এই নিৰ্দেশনা, জানো আহক- ভক্তৰ বাবে কামাখ্যা মন্দিৰ ওপৰলৈ যাব বাবে গাড়ী নাথাকিব। কেৱল অসুস্থ মানুহৰ বাবে সীমিত সংখ্যক গাড়ী থাকিব। ভক্তই জোতা চেন্দেল ৰাখিব বাবে ব্যৱস্থা কৰা হৈছে। কোনো লোকে মাদক দ্ৰব্য খাব নোৱাৰিব।।যি লোকে খাই সই সকলৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হব। পোৱা ৫ বজাৰ পৰা নিশা ৯ বজাৰলৈ গেট খোলা থাকিব।। কিন্তু ওপৰত থকা লোকৰ এই নিয়ম নাথাকিব। নিশা ৯ বজাৰ পিছত মূল গেট বন্ধ কৰি দিয়া হব। ভক্তৰ বাবে মেডিকেল, খাদ্য, থকাৰ ব্যৱস্থা কৰা হৈছে। গাড়ী চলাচালৰ ক্ষেত্ৰত থাকিব বহুত নীতি নিয়ম। কামাখ্যা মন্দিৰৰ নতুন পথ টোত যান বাহন চলাব নোৱাৰিব। জৰুৰীকালীন সেৱাৰ বাবে 112(১১২) নম্বৰ মুকলি কৰা হৈছে। মালিগাঁও উৰণীয়া নিৰ্মাণ সেতু নিৰ্মাণৰত অৱস্থাৰ বাবে যান বাহন চলাচলত নিষেধাজ্ঞা থাকিব। বি জি ৰোড,এম জি ৰোড আৰু এ টি ৰোডত গাড়ী চলাচলত সামগ্ৰী কঢ়িওৱা বাহনত কিছু নিষেধাজ্ঞা জাৰি কৰা হৈছে। ২২ তাৰিখৰ পৰা ২৬ তাৰিখলৈ আন্তঃজিলা বাহন চলাচলত নিষেধাজ্ঞা। Astc ৰ বাহনো চলাচল কৰিব নোৱাৰিব। জালুকবাৰী হৈ সেই বাহনসমূহ চলাচল কৰিব লাগিব। নিৰ্মীয়মান উৰণীয়া সেতুৰ তলত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব। ভৰলুমুখ হৈ অহা বাহনসমূহ সোনাৰাম হাইস্কুলৰ খেলপথাৰত ৰখাব লাগিব। আৰক্ষী আৰু মহানগৰ প্ৰশাসনৰ প্ৰায় ২ হাজাৰ বিষয়া কৰ্মচাৰী জড়িত থাকিব অম্বুবাচী মেলাত। কামাখ্যা ষ্টেচনত প্ৰায় চাৰি হাজাৰ ভক্ত থাকিব পাৰিব,একেদৰে পাণ্ডু কেম্পত ১০ হাজাৰ ভক্ত থাকিব পাৰিব। উল্লেখ্য যে আৰক্ষী ফালৰ তিনি জেগাত join control room থাকিব। কামাখ্যা মন্দিৰৰ উপৰিও প্ৰশাসনৰ  ফালৰ পৰাও লগোৱা হৈছে CCtV। 

Category
Profile picture for user UB Photos