পোহৰলৈ আহিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ এক বিস্ফোৰক তথ্য! কি এই তথ্য? 

Junmoni

এতিয়াও ৰহস্যৰ আৱৰ্তত SI জোনমণি ৰাভাৰ মৃত্যু। নিতৌ ফাদিল হৈছে জোনমণি ৰাভাৰ মৃত্যুৰ ন ন তথ্য। শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। ১৬ মে'ত দুৰ্ঘটনাত নিহত হৈছিল জোনমণি। ভৰ্তি কৰোৱা হৈছিল কলিয়াবৰ মহকুমা চিকিৎসালয়ত। কিন্তু ৰহস্যজনকভাৱে ৰেজিষ্টাৰত লিপিবদ্ধ নাই জোনমণিৰ তথ্য। জোনমণিৰ মৃতদেহ চমজি লোৱাৰ তথ্যও নাই চিকিৎসালয়ত। CIDৰ তদন্তত পোহৰলৈ আহিছে এই তথ্য। স্বাস্থ্য বিভাগৰ ভয়ংকৰ দায়িত্বজ্ঞানহীনতা স্বাস্থ্য মন্ত্ৰীৰ সমষ্টিত। ঘটনাৰ দিনা দায়িত্বত আছিল নৱনিযুক্ত চিকিৎসক ডাঃ প্ৰাঞ্জল বৰা। এতিয়া প্ৰশ্ন হয় কি কাৰণত ৰেজিষ্টাৰত লিপিবদ্ধ কৰা নহল জোনমণিৰ তথ্য?
 

Category
Profile picture for user UB Photos