মাজনিশাৰ পৰা অন্তৰ্ধান হ'ল জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী! ক্ৰমাৎ ৰহস্যঘন হৈ পৰিছে জোনমণি ৰাভাৰ মৃত্যু !!

Junmoni

সঁচাকৈ ষড়যন্ত্ৰৰ বলি হ’ল নেকি SI জোনমণি ৰাভা? জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসৰ ভাষ্যই তোলপাৰ লগাইছে ৰাজ্য। প্ৰণৱ দাসৰ মতে দুৰ্ঘটনাৰ পূৰ্বৰে পৰা জোনমণিৰ বাহন ৰৈ আছিল সেই স্থানত। এখন কণ্টেইনাৰ ট্ৰাকে খুন্দিয়াইছিল জোনমণিৰ বাহনত। ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰিছিল ট্ৰাকচালকে। জোনমণিৰ বাহনৰ পৰাও ওলাই গৈছিল এজন যুৱক! সংবাদ মাধ্যমত শিহৰণকাৰী বৰ্ণনা দিছিল প্ৰণৱ দাসে। কিন্তু আচৰিত কথা যে ভাষ্য দিয়াৰ পিছত মাজনিশাৰে পৰা অন্তৰ্ধান প্ৰণৱ দাস। প্ৰশ্ন হয় তেখেত নিজেই অন্তৰ্ধান হ'ল নে তেখেতক অন্তৰ্ধান কৰোৱা হ'ল? ক্ৰমাৎ যেন ৰহস্যঘন হৈ পৰিছে SI জোনমণি ৰাভাৰ মৃত্যু।

Category
Profile picture for user UB Photos