পৰিকল্পিত হত্যা নে দুৰ্ঘটনা? ৰহস্যৰ আৱৰ্ত্তত SI জোনমণি ৰাভাৰ মৃত্যু !!

Junmoni

এটা ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল'লে SI জোনমণি ৰাভাৰ। নিশা উজনি অভিমুখে গৈ থাকোতে সংঘটিত এই দুৰ্ঘটনা। জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা। নগাঁও মৰিকলং থানাৰ SI আছিল জোনমণি ৰাভা। গুৱাহাটী কাহিলীপাৰাত বাস কৰিছিল জোনমণি ৰাভাই। বিপৰীত দিশৰ পৰা অহা ট্ৰাকত খুন্দা জোনমণিৰ বাহনখনৰ। কিন্তু এতিয়া SI গৰাকীৰ মৃত্যুক সহজভাৱে লব পৰা নাই অসমবাসীয়ে। বহু প্ৰশ্নই আৱৰি ধৰিছে সকলোকে। কিছুমানৰ প্ৰশ্ন কাকো অৱগত নকৰাকৈ কিয় গৈছিল জোনমণি? নিশাৰ ভাগত কিয় ভুল পথেৰে গাড়ী চলাইছিল জোনমণিয়ে? নিশা ১.৩০ বজাত অসামৰিক পোছাকত কিয় গৈছিল জোনমণি? উজনিৰ দিশৰ পথ মুকলি থকাৰ পাছতো ভুল পথে গৈছিল জোনমণি। কি পৰিস্থিতিত মাজনিশা নগাঁৱৰ পৰা জখলাবন্ধালৈ গৈছিল জোনমণি? জোনমণিৰ লগত কোন আছিল তাক লৈও উঠিছে প্ৰশ্ন। মাতৃক ফোনযোগে জনাইছিল আভাজ্যোতিৰ লগত থকা বুলি। আভাজ্যোতি ৰাভা জোনমণিৰ সহকৰ্মী। কিছু দিনৰ পৰা জোনমণি মানসিক চাপত থকাৰ সন্দেহ। কোনো লোকে জোনমণিক মাতিছিল নেকি পৰিকল্পিতভাৱে!ড্ৰাগছৰ বিৰুদ্ধে শেহতীয়াকৈ কঠোৰ হৈছিল জোনমণি। ড্ৰাগছ ব্যৱসায়ীৰ টাৰ্গেট হ'ল নেকি জোনমণি? গাড়ীত উদ্ধাৰ হৈছে এযোৰ জোতা, এযোৰ চেণ্ডেল। তদন্তত ওলাব প্ৰকৃত ঘটনাৰ ৰহস্য। 

Category
Profile picture for user UB Photos