লৰালি...জীৱনৰ মধুৰতম সময়েই হৈছে ল'ৰালি। অতীতৰ এই মধুৰ ভৰা দিনবোৰলৈ উভতি যাবলৈ সকলোৰে মন যায়। এইয়াই যেন এক সময় য'ত কোনো কুটিলতা নাই আছে মাথো নিভাঁজ মৰম ভালপোৱা। আহাৰ-শাওণ মহীয়া ৰ'দত লোকৰ বাৰীয়ে বাৰীয়ে আম-কঠাল, লেটেকু-পনিয়ল চুৰি কৰি খোৱা। সমনীয়াৰ লগত খেলা এইসকলোবোৰ লৰালিৰ দিনতেই পোৱা যায়।
আজি আহক আকৌ ঘুৰি যাও লৰালি সেই মধুৰ দিনবোৰলৈ।
ক) শিলৈ- এই স্মৃতি বিশেষকৈ ল'ৰা সকলৰ লগত জড়িত। কিয়নে ল'ৰা সকলে এই খেলবিধ বেছিকৈ খেলা দেখা গৈছিল। নিমগছৰ গুটি আৰু বাঁহৰ চুঙাৰ এই বস্তু বিধক শিলৈ বুলি কোৱা হয়। নিমগুটিক গুলীৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিল এই খেলবিধত।
খ) চাইকেলৰ টায়াৰ চলোৱা- ভৰ-দুপৰীয়া ৰাস্তাই ৰাস্তাই এই টায়াৰ চলাই লৈ ফুৰা দিনবোৰৰ আমেজেই সুকীয়া আছিল
গ) মাৰ্বল খেল- মাৰ্বল খেল আৰু শৈশৱ এক এৰাব নোৱাৰা সম্পৰ্ক।
ঘ) কেৰাচিন তেলৰ চাঁকি- আজি যেন দেখিবলৈ নোপোৱা হল কেৰাচিন তেলৰ লেম্প আৰু চাঁকিৰ পোহৰ। এই পোহৰ আৰু লেম্প চাঁকিৰ গোন্ধই সুকীয়া। হয়তো বহুতেই এই লেম্প চাঁকিত নিজৰ আঙুলিতো দি ৰস পাইছিল।
ঙ) বাৰীয়ে বাৰীয়ে ফল-মূল বিচাৰি খোৱাতোটো লৰালি কালৰ সকলোতকৈ মধুৰ আৰু ভাললগা স্মৃতি।
এতিয়া মাথো এইবোৰ হৈ ৰ'ল আমাৰ সোনোৱালী অতীত।
- Log in to post comments