
ৰাজ্যত পুনৰ ভূমিকম্পৰ প্ৰবল জোকাৰণি
কম সময়ৰ ব্যৱধানত ৩টাকৈ ভূমিকম্পৰ জোকাৰণি
১১.৫৩ বজাত প্ৰথমটো জোকাৰণি অনুভূত
ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য ৭.৭
১২.০২ বজাত দ্বিতীয়টো জোকাৰণি
দ্বিতীয়টো ভূমিকম্পৰ প্ৰাবল্য ৰিখটাল স্কেলত ৬.৪
আটাইকেইটা ভূমিকম্পৰ মূল অভিকেন্দ্ৰ ম্যানমাৰ
শুকুৰবাৰে বৰভূঁইকঁপে জোকাৰি যায় ম্যানমাৰৰ বিস্তৃত অঞ্চল। একেৰাহে অহা ৭.৭ আৰু ৬.৪ প্ৰাবল্যৰ বৰ ভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল কম্পন অনুভৱ কৰা হয়। এই বৰ ভূমিকম্পৰ ফলত কেইবাটাও অট্টালিকা ছিন্নভিন্ন হৈ পৰে। দিনৰ প্ৰায় ১১.৫৩বজাত অসমতো অনুভূত হয় ভূঁইকঁপৰ।
উল্লেখ্য যে, ভূমিকম্পৰ প্ৰভাৱ ইমানেই প্ৰৱল আছিল যে থাইলেণ্ডৰ ৰাজধানীখনৰ কেইবাটাও উচ্চ অট্টালিকা সমতল কৰি পেলাইছিল। লগতে একেৰাহে অহা দুটা বৰ ভুমিকম্পৰ বাবে আতংকিত হৈ পৰিছে দেশখনৰ নাগৰিকসকল।
- Log in to post comments