
অসমীয়াৰ স্বাভিমান গামোচাক বিকৃত কৰি বিতৰ্কৰ সৃষ্টি কৰা ‘বাংলা সাহিত্য সভা’ই অৱশেষত স্বীকাৰ কৰিলে ভুল। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বাংলা সাহিত্য সভাই।

এক প্ৰেছ বিজ্ঞপ্তিযোগে বাংলা সাহিত্য সভাই কয়, ''বাংলা সাহিত্য সভা, অসমৰ প্ৰথম ৰাজ্যিক সন্মিলন উপলক্ষে অতিথি সম্বৰ্ধনাৰ ক্ষেত্ৰত অসমীয়াৰ ফুলাম গামোচাৰ সৈতে বাঙালী সমাজৰ মংগলঘট আৰু উৎসৱ আদিত ব্যৱহৃত গামচা সংযোগ কৰি নতুনকৈ এক সম্বৰ্ধনা বস্ত্ৰ প্ৰস্তুত কৰা হৈছিল। এই সম্বৰ্ধনা বস্ত্ৰ আমি সৃষ্টি কৰা নহয়। আমাৰ উদযাপন সমিতিৰ অভ্যৰ্থনা উপ–সমিতিৰ উদীয়মান প্ৰজন্মৰ কিছুসংখ্যক সদস্যই সামাজিক মাধ্যমৰ এখন ফটোৰ পৰা এই নমুনা গ্ৰহণ কৰিছিল। এই ফটো ডেৰ বছৰ পুৰণি। শিলচৰৰ এক অনুষ্ঠানত কোনো এটা সংগঠনে সাংস্কৃতিক মন্ত্ৰীক এয়া দিছিল আৰু মন্ত্ৰীয়ে সেয়া হাঁহিমুখে গ্ৰহণ কৰিছিল। লগত আছি শিলাদিত্য দেৱো, তেওঁ ভাষিক উন্নয়ন পৰিষদৰ সভাপতি হিচাপে আমাৰ পৃষ্ঠপোষক। সেয়ে তেওঁৰ সন্মতি গ্ৰহণ কৰি এয়া প্ৰস্তুত কৰা হৈছিল।ডেৰ বছৰে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া হোৱা নাছিল, এইবাৰ হ’ল। সেয়ে আমি অত্যন্ত বিব্ৰতবোধ কৰিছো। এয়া বাংলা সাহিত্য সভাৰ ইচ্ছাকৃত নহয়, কাম্যও নহয় । বৰাক–ব্ৰহ্মপুত্ৰৰ মিলনৰ এক প্ৰতীকৰূপেই এয়া গ্ৰহণ কৰা হৈছিল। একাংশ মানুহে এয়া গ্ৰহণ কৰা নাই। অজানিতে আমি যদি আঘাত দিছো, তাৰ বাবে দুখ প্ৰকাশ কৰিছো আৰু আগন্তুক দিনত যাতে এই ধৰণৰ পৰিস্থিতি নাহে, তাৰ প্ৰতি সচেতন থাকিম।’’
- Log in to post comments