কি কি কাৰণত কলেষ্টেৰল বাঢ়ে আপুনি জানেনে?

Cholestrol

উচ্চ মাত্ৰাৰ কলেষ্টেৰল স্বাস্থ্যৰ বাবে অতি বিপজ্জনক। আমেৰিকান হাৰ্ট এছচিয়েছনৰ মতে কলেষ্টেৰল বৃদ্ধি পোৱাৰ কাৰণসমূহ হৈছে। অনিয়ন্ত্ৰিতভাৱে খাদ্য খোৱাৰ অভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু স্থূলতা। কলেষ্টেৰল বাঢ়িলে চিকিৎসকে খাদ্যাভাস পৰিৱৰ্তন, দৈনিক শাৰীৰিক পৰিশ্ৰম কৰিবলৈ কোৱাৰ লগতে দেহৰ ওজন ঠিকে ৰখাৰ ক্ষেত্ৰত সচেতন হবলৈ পৰামৰ্শ আগবঢ়ায়। তদুপৰি কলেষ্টেৰল বঢ়াৰ আন এটা কাৰণ হৈছে ধূমপানৰ অভ্যাস। অৱশ্যে আন কিছুমান কাৰণতো কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পাব পাৰে। তেনে কেইটামান কাৰণ হৈছে-

ক) অতিৰিক্ত কফি খোৱাৰ অভ্যাস- কফিত কেফেইনৰ পৰিমাণ অত্যাধিক থাকে। যাৰবাবে ৰক্তচাপ দ্ৰুতগতিত বাঢ়ে। একেদৰে কফিয়ে কলেষ্টেৰলৰ মাত্ৰা দ্ৰুত হাৰত বঢ়ায়।

খ) মনস্তাত্বিক চাপ- ষ্ট্ৰেছ আৰু কলেষ্টেৰলৰ মাত্ৰাৰ মাজত সম্পৰ্ক থাকে। মানসিক চাপ বাঢ়িলে কলেষ্টেৰলৰ মাত্ৰাও বৃদ্ধি পায়। সেয়ে মানসিক চাপমুক্ত হৈ থকাৰ চেষ্টা কৰক।

গ) ধুমপান- চিগাৰেটত থকা নিকোটিন আৰু ধঁপাতে কলেষ্টেৰল বঢ়ায়।

ঘ) দৰৱ- কিছুমান দৰৱ আছে যিবোৰ খালেও কলেষ্টেৰলৰ মাত্ৰা বাঢ়িব পাৰে। সেয়ে দেহত কলেষ্টেৰলৰ সমস্যা থাকিলে চিকিৎসকক নজনোৱাকৈয়ে নাথাকিব।

ঙ) গৰ্ভাৱস্থা- গৰ্ভধাৰণ কৰি থকা সময়ত তেজত কলেষ্টেৰলৰ মাত্ৰা ৩০ৰ পৰা ৪০ শতাংশ বৃদ্ধি পায়। কিয়নো, কলেষ্টেৰল ভ্ৰূণৰ বৃদ্ধি আৰু বিকাশৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গৰ্ভধাৰণ কৰি থকা অৱস্থাত কলেষ্টেৰল বাঢ়িলে ইয়াক হাইপাৰকলেষ্টেৰোলেমিয়া অথবা মাতৃকালীন হাইপাৰকলেষ্টেৰোলেমিয়া বুলি কোৱা হয়।

চ) ওজন হ্ৰাস- হঠাৎ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পোৱাৰ আন এক অন্যতম কাৰণ হৈছে দ্ৰুতগতিত ওজন কমোৱা। সেয়ে অত্যাধিক ওজনৰ সমস্যা থাকিলে তাক লাহে লাহে কমোৱাৰ চেষ্টা কৰক।

Category
Profile picture for user UB Photos