
আজি-কালি প্ৰায়ে সকলোৰে গেছৰ সমস্যা হোৱা পৰিলক্ষিত হয়। খাদ্য হজম নহলে এই সমস্যা হয়। পেটত গেছৰ সমস্যাই দেখা দিলে কেইবিধমান ফল খালে অতি সোনকালেই আৰাম পোৱা যায়।

১) কল- কেলচিয়াম, আঁহসমৃদ্ধ কল গেছৰ পৰা সকাহ পোৱাত যথেষ্ট উপকাৰী। ইয়াত থকা আঁহে গেছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

২) তৰমুজ- পানীসমৃদ্ধ তৰমুজ খোৱাৰ ফলত পাকস্থলীয়ে যথেষ্ট পানী আহৰণ কৰে। তৰমুজত থকা আঁহে খাদ্য হজম হোৱাত সহায় কৰে। যেতিয়া খাদ্য সঠিক ভাৱে হজম হয় তেতিয়া গেছৰ কোনো সমস্যা নহয়।

৩) তিয়ঁহ- তৰমুজৰ দৰে তিয়ঁহো পানীৰে সমৃদ্ধ। তিয়ঁহ খালে পেটৰ জ্বলা-পোৰা প্ৰশমিত কৰে। তিয়ঁহত যথেষ্ট পৰিমাণে পানী থকাৰ বাবে ই গেছৰ পৰাও পৰিত্ৰাণ দিব পাৰে।

৪) ষ্ট্ৰবেৰী- আঁহ, পটাছিয়াম, ভিটামিন-চি, লো আৰু মেগনেচিয়ামসমৃদ্ধ ষ্ট্ৰবেৰীয়েও পাকস্থলীত গেছৰ সৃষ্টি হ’ব নিদিয়ে। ষ্ট্ৰবেৰীত মিঠা ৰসৰ লগতে যথেষ্ট আঁহ থাকে, যি খাদ্য হজম কৰাত সহায় কৰে।

৫) ডিমৰু- বহুতো পুষ্টিৰে সমৃদ্ধ ডিমৰত থকা মিঠা ৰসে গেছৰ পৰা পৰিত্ৰাণ দিয়ে।

৬) কিৱি- ভিটামিন- ‘চি’ৰে সমৃদ্ধ, কিৱিত যথেষ্ট পৰিমাণৰ আঁহ, পটাছিয়াম, কাৰ্বোহাইড্ৰেট থাকে। ই পাকস্থলীত সৃষ্টি হোৱা গেছৰ সমস্যাৰ পৰা অতি সহজে সকাহ দিয়ে।
- Log in to post comments