অৱশেষত সকলোৰে সন্মুখলৈ আহিল নিক জ’নাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ জীয়ৰী মালতী মেৰীৰ চেহেৰা।

প্ৰথম বাৰৰ বাবে সংবাদ মাধ্যমক কন্যাৰ ফটো তোলাৰ অনুমতি দিলে নিক-প্ৰিয়ংকাই।

বিগত বৰ্ষত ছেৰোগেচীৰ মাধ্যমেৰে মালতীক এই পৃথিৱীলৈ আনিছিল নিক–প্ৰিয়ংকাই।

‘জোনাছ ব্ৰাডাৰ্ছ’ৰ ‘ৱাক অব ফেম’ ষ্টাৰ পাৱাৰ অনুষ্ঠানত কন্যা মালতীক লৈ উপস্থিত আছিল প্ৰিয়ংকা।মাতৃ প্ৰিয়ংকাৰ কোলাত খেলি আছিল মালতীয়ে।

এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মালতী মেৰীৰ ফটো।
Category
              
          - Log in to post comments