সহজতে উপলদ্ধ মানিমুনিৰ আছে বহুতো ঔষধি গুণ! জানো আহক

Manimuni

আমাৰ সকলোৰে পৰিচিত মানিমুনি। সাধাৰণতে ই এবিধ গুল্মজাতীয় উদ্ভিদ। মানিমুনিৰ বহুতো ঔষধি গুণ আছে। পেটৰ অসুখৰ পৰা ধৰি সকলোৰে দৰৱ এইবিধ উদ্ভিদ।

১)মানিমুনি খালে বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে।

২)পুৰুষ-মহিলা উভয়ৰে যৌন ক্ষমতা বঢ়োৱাত মানিমুনি অতি উপযোগী ঔষধি৷

৩)মানিমুনি মহিলাৰ গৰ্ভনিৰোধক,অনিয়মীয়া ঋতুস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ হয়৷

৪)মানিমুনিৰ পাত বটি গৰম ভাতৰ লগত খালে পেটৰ বিষ ভাল হয়।

৫)মানিমুনি হেপাটাইটিচ-বি ৰোগৰ চিকিৎসাত ব্যৱহাৰ হয় ৷

৬)মানিমুনি কাঁহ,জ্বৰ,টনচিলৰ অসুখ, শ্বাসজনিত বুকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ৷

৭)মানিমুনিয়ে স্নায়ুতন্ত্ৰৰ উপকাৰিতা- মগজুৰ সতেজতা,সক্ৰিয়তা,স্মৃতিশক্তি বঢ়ায় ৷

৮)অৰুচি গুচাবলৈ মানিমুনিৰ ৰস খাব লাগে।

৯) গ্ৰহণী, কুষ্ঠ ৰোগ, পিত্ত, উচ্চ ৰক্তচাপ,স্নায়বিক দুৰ্বলতা, অনিদ্ৰা ৰোগত মনিমুনিৰ ৰস উপকাৰী ।

১০)গোধ (Elephatiasis) ৰোগত ইয়াৰ পাত খুন্দি প্ৰলেপ দিলে উপকাৰ হয়।

১১)মানিমুনি শাক ৰাতিপুৱা ৰান্ধি খালে দিনটোৰ কাৰণে শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধ আতৰ হয় ৷

১২)ই লিভাৰৰ বাবে অতিকৈ উপযোগী।

১৩)মানিমুনিয়ে চৰ্মৰোগ- চৰিয়চিচ, খৰ, খহু,খজুৱতি,এলাৰ্জি, লুপাচ আদি নিৰাময় কৰে।

১৪)মানিমুনি মহিলাৰ জৰায়ুত ঘাঁ, বগাস্ৰাৱৰ চিকিৎসাত ব্যৱহাৰ্য ৷

১৫)মানিমুনিয়ে চুলি গজাত সহায় কৰে আৰু চুলি সৰা ৰোধ কৰে।

১৬)মানিমুনি খালে হজম শক্তি বৃদ্ধি হয়।

 

Category
Profile picture for user UB Photos