
অৱশেষত তীব্ৰ বিৰোধ-বিতৰ্ক-বয়কট টেণ্ডৰ মাজতে ছবিগৃহলৈ আহিল বলীউদৰ বাদশ্বাহ শ্বাহৰুখৰ ‘পাঠান’। বিতৰ্কই একপ্ৰকাৰ মুক্তিৰ পূৰ্বে ছুপাৰহিট কৰি পেলোৱা শ্বাহৰুখৰ 'পাঠান' চাবলৈ ছবিগৃহত দেখা গৈছে দৰ্শকৰ ভিৰ। আজি পুৱাৰে পৰা ছবিগৃহসমূহত দেখা গৈছে দৰ্শকৰ লানি।

মুক্তিৰ পূৰ্বেই ‘পাঠান’ ছবিখনে সৃষ্টি কৰিছে বহুতো অভিলেখ। ‘পাঠান’ৰ কোটি কোটি টকাৰ টিকট মুক্তিৰ পূৰ্বে অনলাইনত বুকিং হৈছে।

জানিব পৰা মতে, একাংশ ছবিগৃহত মুক্তিৰ দিনাই অৰ্থাৎ আজি পুৱা ৬ বজাৰ পৰা ‘পাঠান’ৰ দৰ্শনী ৰখা হৈছে।

‘পাঠান’ৰ প্ৰতিটো দৰ্শনীয়ে হাউছফুল।

অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। চাৰি বছৰৰ বিৰতিৰ পাছত মুক্তি পোৱা কিং খানৰ এই ছবি খন চাবলৈ অনুৰাগীসকলে কৰিছে ভিৰ।

মুক্তিৰ প্ৰথম দিনটোতে ছবিখনে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি।মহানগৰীৰ ছবিগৃহতো দৰ্শকৰ ভিৰ। মুঠতে এতিয়া সকলোতে কেৱল পাঠান আৰু পাঠান।
উল্লেখ্য যে ছবি খনৰ প্ৰথম দিনটোৰ কালেক্সন ৫০ কোটিতকৈ অধিক সংগ্ৰহ কৰাৰ সম্ভাৱনা।
- Log in to post comments