কে এল ৰাহুল আৰু আথিয়া চেট্টীক কি উপহাৰ দিলে ক্ৰিকেটাৰ বিৰাট কোহলী আৰু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে?

Virat Kohli

২৩ জানুৱাৰী তাৰিখে ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টীৰ বিবাহ সম্পন্ন হয়। জনপ্ৰিয় যুঁটিটোৰ বিবাহক লৈ আনন্দিত হৈ পৰিছে অনুৰাগীসকল। বহুকেইগৰাকী তাৰকা এই বিবাহত উপস্থিত থাকে। কিন্তু ভাৰত বনাম নিউজীলেণ্ডৰ খেল চলি থকাৰ বাবে ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বাকীসকল খেলুৱৈ ৰাহুলৰ বিবাহত উপস্থিত থাকিব নোৱাৰিলে।কিন্তু বিৰাট কোহলীয়ে ৰাহুল আৰু আথিয়া চেট্টীক এখন বি এম ডব্লিউ(BMW) গাড়ী উপহাৰ দিয়ে। জানিব পৰা মতে গাড়ী খনৰ দাম হৈছে-২.১৭ কোটি টকা।

আনহাতে প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে এখন কাৱাচাকি নিনজা বাইক ৰাহুলক উপহাৰ দিয়ে। আৰু বাইক খনৰ দাম হৈছে ৮০ লাখ টকা।

Category
Profile picture for user UB Photos