হঠাৎ ৰক্তচাপ কমিলে কি কি কৰিব আপুনি?

Blood Pressure

ৰক্তচাপৰ সমস্যাৰ কথা প্ৰায় সকলোৰে মুখতেই শুনিব পোৱা যায়। ৰক্তচাপ কমিলে মূৰ ঘূৰোৱা, ক্লান্তি ভাৱ, সংজ্ঞা হেৰুওৱা, বুকু ধৰফৰ কৰা, চকুৱে ধোৱাকোৱা দেখা আৰু শ্বাস-প্ৰশ্বাস লোৱাত সমস্যা হয়। তদুপৰি হঠাতে ৰক্তচাপ কমিলে মস্তিস্ক, কিডনী আৰু হৃদযন্ত্ৰত স্বাভাৱিক ৰক্তপ্ৰৱাহ ব্যাহত হয়।এনেকুৱা হ’লে মানৱ দেহত অস্বাভাৱিকতাই দেখা দিয়ে। সেয়ে ৰক্তচাপ কমিলে লগে লগে এই কেইটা কাম কৰক-

ক) ৰক্তচাপ পৰীক্ষা কৰক।

খ)কেইটামান কিছমিছ পানীত তিয়াই লওঁক। সেই পানী লগে লগে খাওক।

গ) এগিলাচ পানীত আধা চামুচ নিমখ মিহলাই পানীখিনি পান কৰক।

ঘ) গাজৰৰ ৰসৰ সৈতে সামান্য পৰিমাণৰ মৌ মিহলাই লওঁক।পুৱা খালী পেটত সেই মিশ্ৰণ খোৱা কৰক।

ঙ) কেফেইনযুক্ত  পানীয়ই ৰক্তচাপ বঢ়ায়। হঠাৎ ৰক্তচাপ কমিলে এনে পানীয়  খাব পাৰে।

চ) কফি খালেও ৰক্তচাপ বাঢ়ে। হঠাতে ৰক্তচাপ কমিলে কফি খোৱা কৰিব পাৰে। অৱশ্যে কফিৰ সৈতে গাখীৰ আৰু চেনি মিহলি নকৰিব।

Category