বিহুৰ বতৰত আপুনি দৈ খাইছে! দৈ বাৰু আপোনাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী নে হানিকাৰক?

Doi

দৈ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী। চিকিৎসাবিজ্ঞানৰ মতে, প্ৰতিদিনে এবাটি টেঙা দৈ খালে বহুতো শাৰীৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত টেঙা দৈ খালে শৰীৰৰ বহুতো লাভালাভ হয়। এদিনত ৩০০-৫০০ গ্ৰাম দৈ খোৱাটো শৰীৰৰ বাবে উপকাৰী বুলি বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে৷

 

আনহাতে, যদি আপুনি প্ৰয়োজনতকৈ অধিক দৈ খায়, ইয়াৰ ফলত শৰীৰত অত্যাধিক কেলচিয়াম উৎপন্ন হব পাৰে। যিয়ে আপোনাৰ স্বাস্থ্যৰ জটিলতা বৃদ্ধি কৰিব পাৰে। মনত ৰাখিব, মিঠা দৈতকৈ টেঙা দৈ খোৱাটোহে অধিক উপকাৰী।

 

বহুলোকে তেওঁলোকৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ চৰ্বী পৰিহাৰ কৰে। আৰু টেঙা দৈত বহুত কম পৰিমাণৰহে চৰ্বী থাকে। সেইকাৰণে টেঙা দৈয়ে ওজন হ্ৰাস কৰাত সহায় কৰে। টেঙা দৈ তেজৰ কলেষ্টৰল হ্ৰাস কৰাতো বিশেষভাৱে সহায়ক বুলি প্ৰমাণিত হৈছে। সেয়েহে নিয়মিত টেঙা দৈ খোৱাৰ অভ্যাসে ষ্ট্ৰোক আৰু হৃদযন্ত্ৰৰ সমস্যাৰ আশংকা হ্ৰাস কৰে।

 

টেঙা দৈৰ লেক্টিকে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি আপুনি ইয়াক নিয়মীয়াকৈ খাব পাৰে, মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়। দৈয়ে হজমশক্তিক উন্নত কৰে। দৈ খালে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস হয়।

 

বহুলোকক বদহজমৰ সমস্যাত ভোগা দেখা যায়। টেঙা দৈয়ে এই সমস্যাটো দূৰ কৰাত সহায় কৰিব পাৰে। টেঙা দৈৰ কিণ্বিত এনজাইমেখাদ্য হজম কৰাত সহায় কৰে আৰু বদহজম প্ৰতিহত কৰে। নিয়মীয়াকৈ এবাটি দৈ খাই ওজন হ্ৰাস কৰাৰ ২২ শতাংশ সম্ভাৱনা আছে।

 

 

Category
Profile picture for user UB Photos