সহজতেই এচিডিটিৰ পৰা হাত সাৰিব আপুনি! অৱলম্বন কৰক এইখিনি পদ্ধতি!

Acidity

সাধাৰণতে সকলোৰে এচি়ডিটিৰ অসুবিধা হোৱা পৰিলক্ষিত হয়। আমাৰ খোৱা-বোৱা ওপৰতেই এচিডিটিৰ সমস্যাতো বহু পৰিমাণে নিৰ্ভৰ কৰে।গেছৰ পৰা হাত সাৰিবলৈ তলত উল্লেখ কৰা উপায়সমূহ অৱলম্বন কৰক-

ক) হজম শক্তি হ্ৰাস পালে গেছৰ সৃষ্টি হয়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ খোৱা-বোৱা ক্ষেত্ৰত বিশেষ সাৱধানতা গ্ৰহণ কৰিব লাগে। খোৱাৰ সময় সদায় নিৰ্দিষ্ট হব লাগে।

খ) যিকোনো খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ পৰা বিৰত থাকক। খাদ্য খোৱাৰ কমেও এঘন্টাৰ পাছতহে পানী খাব লাগে। খাদ্য খোৱাৰ সময়ত পানী খালে হজম শক্তিত ব্যাঘাত জন্মে।

গ) গেছৰ পৰা হাত সাৰিবলৈ এচামুচ সৌৰ সৈতে আধা চামুচ মিচিৰি মিলাই খাব পাৰে। ই হজম প্ৰক্ৰিয়া সহজ কৰাত সহায় কৰে।

ঘ) শোৱা আৰু উঠাৰ সময় সদায় নিৰ্দিষ্ট হব লাগে। টোপনিৰ তাৰতম্যৰ বাবেও গেছ সৃষ্টি হয়।

ঙ) ৰাতি সদায় লঘু আহাৰ খাব লাগে। পৰাপক্ষত ৰাতি মাংস বা তৈল আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব

চ) আদা আৰু কলা নিমখ খায়ে গেছৰ পৰা পৰিত্ৰাণ পাব পাৰি।

ছ) কুহুমীয়া পানীত ৫ ৬ টা পদিনাৰ পাত মিহলাই খালেও গেছৰ পৰা হাত সাৰিব পাৰি।

Category
Profile picture for user UB Photos