ক্ৰিকেটপ্ৰেমীৰ বাবে দুঃখবৰ! ভাৰত শ্ৰীলংকা এদিনীয়া শৃংখলাৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

Bumrah

১০ তাৰিখে বৰ্ষাপাৰাত অনুষ্ঠিত হব লগীয়া ভাৰত শ্ৰীলংকাৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলৰ বাবে সাজু সকলো। অসমবাসীৰ মাজত এতিয়া ব্যাপক উচ্ছাস। উল্লেখ্যে যে আঘাতৰ বাবে বহু সময় বিৰতিত থকা পেচ বলাৰ যশপ্ৰীত বুমৰাহো ভাৰত শ্ৰীলংকা এদিনীয়া শৃংখলাৰ কাৰণে সাজু হৈছিল। আৰু অসমতো উপস্থিত হৈছিলহি ক্ৰিকেটাৰ গৰাকী। কিন্ত এতিয়া এটা বেয়া খবৰ আহি পৰিছে। জ্যেষ্ঠ বাছনি কমিটিয়ে বাছনি নকৰিলে বুমৰাহক। জানিব পৰা মতে এতিয়াও সম্পূৰ্ণৰূপে খেলিব পৰা হোৱা নাই বুমৰাহ। বুমৰাহক প্ৰয়োজন আৰু অলপ সময়ৰ।

Category
Profile picture for user UB Photos