ঘৃণনীয়! ৫০ লাখ টকাত স্বামীয়ে বিক্ৰী কৰিলে নিজ গৰ্ভৱতী পত্নীক

Kidnap

হাজোৰ হাবলাখাৰ এজন লম্পট স্বামীৰ কু-কাণ্ডৰ কথা এতিয়া পোহৰলৈ আহিছে হাবলাখাৰ নুৰ ইছলাম নামৰ লোকজনে নিজৰ পত্নী ৰেহেনা বেগমক উত্তৰ প্ৰদেশত বিক্ৰী কৰিলে পাঁচ লাখ টকাত দুবছৰ পূৰ্বে ৰেহেনা বেগমক গুৱাহাটীৰ পৰা নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি উত্তৰ প্ৰদেশলৈ লৈ যোৱাৰ অভিযোগ স্বামী নুৰ ইছলাম বিৰুদ্ধে এই ঘটনা সংঘটিত কৰি নুৰ ইছলামে, পত্নীয়ে আনৰ লগত পলাই যোৱা বুলি মিছা গোচৰ দাখিল কৰিছিল হাজো আৰক্ষী থানাত তিনিমাহৰ অন্তসত্বাঃ অৱস্থাত ৰেহেনা বেগমক বিক্ৰী কৰাৰ অভিযোগ স্বামী নুৰৰ বিৰুদ্ধে দুই সন্তানক ঘৰত থৈ প্ৰথমে গুৱাহাটীত চাকৰি দিয়াৰ চলেৰে নুৰ ইছলামে লৈ গৈছিল পত্নী ৰেহেনাক তাৰ পাছতে অচেতন অৱস্থাত উত্তৰ প্ৰদেশলৈ লৈ গৈ এটা পৰিয়ালত ওচৰত পাঁচ লাখ টকাত  বিক্ৰী কৰিছিল ৰেহেলা বেগমক কিন্তু দুবছৰ পিছত উত্তৰ প্ৰদেশৰ পৰা ছেগ বুজি পলাই আহি মংগলবাৰে নিশা হাজো আৰক্ষী থানাত উপস্থিত হয় ৰেহেনা বেগম লগতে এই ঘটনা সন্দৰ্ভত স্বামী নুৰ ইছলাম আৰু তেঁওৰ দুই সহযোগীৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ উল্লেখ্য যে, পোন্ধৰ বছৰ পূৰ্বে হাজো আৰক্ষী থানাৰ অন্তৰ্গত নতুন চৰাবড়ীৰ ৰেহেলা বেগম বিবাহ পাশত আবদ্ধ হৈছিল হাবলাখা নদীৰ পাৰৰ নুৰ ইছ্লামৰ সৈতে

 

Category
Profile picture for user UB Photos